Friday, April 14, 2023

কবি নৱকান্ত বৰুৱা kobita-তেজীমলা

তেজীমলা

“হাতো নেমেলিবি ফুলো নিচিঙিবি
কৰে গৰখীয়া তই,
মানুহে ফুলৰ নুবুজে আদৰ
তেজীমলাহে মই।”

***

হাতো মেলা নাই ফুলো চিঙা নাই
তোমাৰ নিষেধ আজিও মানিছোঁ
আমাৰ গ্লানিৰ বোকাৰ কুসুম আমাৰেই তেজীমলা।

সাউদৰ সাধু শেষ হৈ যোৱা কিমান বছৰ হ’ল?

মানুহৰ ঘৃণা, মানুহৰ অসূয়াত
তেজ-মঙহৰ তেজীমলা তুমি
ফুল হৈ ফুলি ৰ’লা;
এদিনো আমাৰ ঈৰ্ষাকাতৰ নিদ্রাবিহীন
আউলী চুলিত

জন্ম ২৯ ডিচেম্বৰ ১৯২৬
মৃত্যু  ২৪জুলাই ২০০২


বুলাই নিদিলা হাত।

মানুহে ফুলৰ আদৰ জানিবা আজিও বুজাকে নাই

কৃপণৰ দৰে তোমাৰ প্ৰীতিৰ
হিচাপ কৰিছোঁ দাম
সেইবাবে গ’লা আমাক পাহৰি
আমাৰে জীয়াৰী হৈ?
মানুহৰ গ্লানি মানুহৰ ঈৰ্ষাত
ছাঁ জুইৰ দৰে আঁতৰি পলালা
সাধুৰ দেশতে ৰ’লা চিৰকাল
সপোনৰ ফুল হৈ,
আমি নিৰুপায়
পৃথিৱীৰ এই ঘিণ আৰু অসূয়াৰে।

আমাৰ বনতো সৰিবানে তুমি এবাৰ ফুলি?

ভালপোৱা যদি আমাৰ কাৰণে
ৰয় চিৰ অনাগত
প্ৰীতিৰ ধূপৰ সুৰভিয়ে ৰচে
কেৱল কুঁৱলি জাল—
ঈর্ষা আমাৰ তোমাৰ প্রেমেৰে কৰা আৰু কুৎসিত;
ঘিণ কৰি মৰোঁ
দাপোণৰ নিজ ছঁয়াৰ বীভৎসতা।

No comments:

Post a Comment